Show/Hide Keyboard Layout

শত যুগৰ কত চাকি

- জ্যোতিপ্ৰসাদ আগৰৱালা

শত যুগৰ কত চাকি

জ্বলাই আহিলি

আপোনাৰ আনন্দতে নিজে হাঁহিলি

নিজৰে তই চকুপানী নিজে মচিলি ।

 

শিল্পী মোৰ মনৰে তই

শিল্পী মোৰ প্ৰাণৰে তই

শিল্পী মোৰ গানৰে

সুৰৰে

ছবিৰে

ৰূপৰে তই জুই জ্বলালি

নিত্য নতুন ছবিৰে

চিনাকি তোৰ যুগ যুগৰে

ৰবিৰে ।

 

আজি দিনা

নেমানি মনা

সখী পতালি

বিপ্লৱী মোৰ কবিৰে ।

 

আজি জাগিল জন শতাব্দী

আহ অ’ যত আলোকবাদী

অপ্ৰমাদী

পোহৰৰে

জোনাকী বসন্ত জগাই

জ্বলা, জ্বলা

শিল্পী অ’ মোৰ

বিশ্বদীপালী

জ্বলা ।।

 

Hits: 2487